‘মইও মিয়া’

নিজকে ‘মিয়া’ বুলি পৰিচয় দিবলৈ লাজ পোৱা মোৰ গুৰুস্থানীয় ব্যক্তিসকলে ইতিমধ্যে সাহসিকতাৰ ইতিহাস পুনৰ সোঁৱৰাই দিছে৷ তাৰ লগে লগে সোঁৱৰাই দিছে ত্যাগৰ নিষ্ঠুৰ প্ৰত্তোত্তৰ আৰু গোলামী কৰাৰ মানসিকতাকো৷ জন্মসূত্ৰে মিয়া হোৱা বাবে বিষাক্ত ধুমুহাৰ মাজতো সাহসিকতাৰ পালতৰা নাও মেলি দিছো অসহিষ্ণুতাৰ সাগৰত—

‘মইও মিয়া’

download (1)

হাড় ভঙা ৰ’দৰ কোলাত
‘নাঙ্গুইলা-জায়ৈ’ দিয়া মোৰ
ঘৰ্মাক্ত ভাগৰুৱা কান্ধৰ
লুণীয়া কাইটৰ খোচেৰে ভৰা
পুৰুষত্বৰ গৌৰৱময় ইতিহাস৷
‘গ্ৰ’মোৰ ফুড’ আৰু বাঘৰ আতঙ্কৰে
বিভিষিকাময় কলেৰা-ডায়েৰিয়া,
কাইটীয়া জঙ্গললৈ ক্ৰান্তিৰ সূবাস ছটিয়াই
সংগ্ৰাম কৰা বীৰপুৰুষৰ ইতিহাস৷
ত্যাগৰ ৫১ৰ উপহাৰ
৮৩ আৰু ৯০-৯৪, ২০০৮, ১২, ১৪

ইতিহাসৰ ৰক্তাক্ত সোৱৰণেৰে কম্পমান মই
প্ৰাগজ্যোতিষপুৰৰ খিলঞ্জীয়া দ্ৰাবিড়ৰ
নিৰ্জাতন, লাঞ্ছনা, বঞ্চনাৰ দস্তাবেজ বুকুত লৈ
ৰাজপথত কাণত ধৰি আঠুলোৱা
নিলাজ ৰং মোৰ
লজ্জা ঢকাৰ মুখালৈ
নিলাজৰ দৰে ভকতৰ শাৰীত
অস্বিত্বৰ ছবি আঁকিও
ভকতৰ গোহালিত আশ্ৰয় মোৰ,
কাৰণ
ৰঙিণ বটলত একে মদিৰা
আৰু জন্ম সূত্ৰে মইও এজন মিয়া৷৷

download

About Shajahan Ali Ahmed

I am from a small village named Aikhari Bilor Pather, District of Baksa (BTAD, Assam) of INDIA. I like to write Novel, Poem, Short Stories, Articles. I have publish my analysis base book on Narayanguri massacre- 2014 Namely "Bisadland Narayanguri" Correspondent of a news paper publish from Guwahati (Gana Adhikar, Gana Sangbad) Editor at Nava Kranti (monthly magazine in Assamese language) Doing Others social activities & also Education-Magazine Secretary of ''All Assam Minorities Students' Union''(AAMSU).
This entry was posted in Uncategorized. Bookmark the permalink.

2 Responses to ‘মইও মিয়া’

  1. Saduddin Ahmed says:

    Man ki baat ki hain bhaijaan

Leave a comment